Show/Hide Keyboard Layout

মোৰ জীৱনৰ আকাশতে

- বিষ্ণুপ্ৰসাদ ৰাভা

মোৰ জীৱনৰ আকাশতে 

ইন্দ্ৰধনু গঢ়িম

সাত ৰঙেৰে মীনা কৰাই

মৰমেৰে তৰিম

কিন্​কিনীয়া চকুলোৰে 

হুমুনিয়াহ ভাপকণেৰে

প্ৰণয় সূৰুয দেৱতাৰে

জিলিকণি সানিম

মেদুৰ মেঘৰ মাদল কোবাই

গগন গগনা আলফুলে বাই

বিজুলী নটীৰ নাচোনটি চাই

দেৱ দি দেও দি নাচিম ।।

Hits: 2252